ৰঙিয়াঃ ৰঙিয়াৰ কেকেনিকুছিত চাঞ্চল্যৰ ঘটনা । ভুক্তভোগী ছাত্র আৰু মাতৃৰ অভিযোগ অনুসৰি কেকেনিকুছিস্থিত পূৱ ৰঙিয়া হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র তথা মৰাণজানাৰ নিবাসী নিৱিৰ নাথ (১২) য়ে বিদ্যালয় চুটি হোৱাৰ পিছতে ঘৰলৈ গতি কৰিছিল ।
সেই মুহুৰ্ততে পুঠিমাৰী নৈৰ মথাউৰিৰ ওপৰত পূৰ্বৰ পৰা বাহৰ পাতি থকা বাহন এখনত থকা চাৰিজনীয়া লোককেইজনে ছাত্ৰজনক ৰখায় । তাৰ পিছত ছাত্ৰজনক ঘৰত থৈ আহিব বিচাৰে আৰু চিপচ্ আৰু চকলেট খাবলৈ দিয়ে । কিন্তু ছাত্রজনে অমান্তি হয় আৰু একো নাখাও বুলি কয় । যাৰ পৰিপেক্ষিতত ছাত্ৰজনক কলা ৰঙৰ চাৰি চকীয়া বাহনখনত উঠাবলৈ টনা-আজোৰা কৰে । তৎমুহুৰ্ততে চিঞৰ বাখৰ লগাই ছাত্ৰজনে ।
ছাত্ৰজনৰ চিঞঁৰ বাখৰ শুনি ঘটনাস্থলীত দুগৰাকীমান লোক উপস্থিত হয় । ৰাইজৰ ইমান পাই ঘটনাস্থলীৰ পৰা চাৰি চকীয়া বাহন সহ পলায়ন কৰে চাৰি দুৰ্বৃত্তৰ দলে । পিতৃহাৰা আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনক কি উদ্দেশ্যেৰে অপহৰণ কৰিব আহিছিল সেয়া ৰহস্যৰ আৱৰ্তত ।