ৰঙিয়াত গঠন কৰা হ’ল অসম লেখিকা সমাজৰ কামৰূপ জিলা সমিতি

ৰঙিয়াঃ সত্য বৌদ্ধিক অন্বেষণৰ চিন্তাৰে ৰঙিয়াত গঠন কৰা হ’ল অসম লেখিকা সমাজৰ কামৰূপ জিলা সমিতি। এই উদ্যেশ্য লৈ ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এখন সাধৰণ সভা অনুস্থিত হৈ যায়।

সাধাৰণ সভাত সবিতা বৰ্মনক সভাপতি আৰু ধুহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মামনি লহকৰক সম্পাদক হিচাপেলৈ এখন ২১জনীয়া সমিতি গঠন কৰা হয়। সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি পদুমী গগৈ, প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰা, সম্পাদক জ্যোতি মালাকৰ, কোষাধ্যক্ষ ৰত্না ৰংহেনচপী উপস্থিত থাকে।

সবিতা বৰ্মনে অসম লেখিকা সমাজৰ লক্ষ্য আৰু উদ্যেশ্য ব্যাখ্যা কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ শতাধিক মহিলা উপস্থিত থকা সভাখন উদ্ধোধন কৰে চলচ্চিত্ৰ পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই। সভাত বিমলা দেৱী, ৰীণা দেৱী, লীলা নাথে গীত পৰিবেশন কৰে ।