ৰঙিয়াত কলিতা জনগোষ্ঠীৰ সংবাদমেল

ৰঙিয়াৰ প্ৰেচ ক্লাবত কলিতা জনগোষ্ঠীয়ে আয়োজন কৰা সংবাদমেলত কলিতা সকলৰ দাবী মানি নললে অহা লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ হুংকৰ দিয়ে।

৬০ লাখ কলিতা জনগোষ্ঠীৰ লোকে একগোট হৈ অহা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক।

২০ শতাংশ আসন সংৰক্ষণৰ দাবী কলিতা আলপাইন জনগোষ্ঠীৰ।

মেডিকেল আসনক লৈ কলিতা জনগোষ্ঠীক প্ৰতাৰণা কৰা হৈছে বুলি আজি সংবাদমেল যোগে আক্ষেপ কৰে সংগঠনটোৱে।

এই দাবী কাৰ্যকৰী নকৰিলে আইনগত ব্যবস্থাৰ লগতে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ।

কলিতা জনগোষ্ঠীৰ দাবী সমূহ অতিসোনকালে মানি নললে অনাগত দিনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি সংগঠনটোৱে আজি হুংকাৰ দিয়ে।