ৰঙিয়াত কংগ্ৰেছ দলৰ বিজয় উৎসৱ পালন

ৰঙিয়াত কংগ্ৰেছ দলৰ বিজয় উৎসৱ পালন। উচ্চতম ন্যয়ালয়ে ৰাহুল গান্ধীৰ ২ বছৰীয়া শাস্তি স্থগিতাদেশ দিয়াৰ পিছতে কংগ্ৰেছ কৰ্মীসকলে উৎসাহিত হৈ পৰে।

ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা দলেবলে আহি গান্ধী মণ্ডপৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰে কংগ্ৰেছ কৰ্মী সকলে ।

ৰাহুল গান্ধী জিন্দাবাদ, ন্যায় পালিকা জিন্দাবাদ, কংগ্ৰেছ দল জিন্দাবাদ আদি শ্লোগান দি পৰিবেশ উৎসৱ মুখৰ কৰি তোলে ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ ওপৰত স্থগিতাদেশ দিয়ে । যাৰ ফলত লোকসভাত তেওঁৰ সদস্য পদ বাহাল ৰখাৰ পথ পুনৰ স্থাপনৰ প্ৰশস্ত হয় । উল্লেখ্য যে ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিক সংসদত প্ৰতিনিধিত্ব কৰিছে ।

আজি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশৰ ৰায়দান দিয়াৰ খৱৰৰ পিছতেই কংগ্ৰেছ কৰ্মীসকলে দলেবলে আহি বিজয় উৎসৱত অংশগ্ৰহণ কৰে ।

আজিৰ বিজয় উল্লাসত অসম যুৱ কংগ্ৰেছৰ সম্পাদক কামাল হুছেইন, ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্ধৱ দাস, জিলা কংগ্ৰেছৰ মুৰটাজ ৰহমান, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আচিফুৰ ৰহমান, নাৰায়ন দত্তৰ লগতে অৰ্ধশতাধিক নেতা কৰ্মীয়ে আংশগ্ৰহন কৰে ।