ৰঙিয়াত এদিনতে দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰঙিয়াত এদিনতে দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ‌।

আজি এদিনতে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰঙিয়াত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৃঠকে পৃঠকে উদ্ধাৰ হোৱা মৃতদেহ দুটা ৰঙিয়া আৰক্ষী আৰু ৰেল আৰক্ষীয়ে নিজৰ জিম্মাৎ লয় ।

ঘটনা সম্পৰ্কে জানিব পৰামতে সোমবাৰে দিনৰ ভাগত ৰঙিয়াৰ সোঁমাজেৰে যোৱা বৰলীয়া এটা মৃতদেহ উটি আহে । নিলা ৰঙৰ জিনচ পেন্ট আৰু টি চাৰ্ট পৰিহিত ব্যক্তি জনৰ বয়স ৩০ ৰ পৰা ৪০ বছৰ হব বুলি অনুমান কৰা হৈছে । ব্যক্তিজন নৈখনৰে উটি অহা প্ৰথমে ৰঙিয়া বালাগাও অঞ্চলৰ একাংশ ব্যক্তিয়ে প্ৰত্যক্ষ কৰে । পিচত ঘটনা সম্পৰ্কে ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে উপস্থিত হৈ দহৰাৰ নৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে । ধাৰণা কৰামতে প্ৰায় এসপ্তাহ পুৰ্বে ব্যক্তিজনৰ মৃত্যু হৈছে । ইফালে ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত কৰিছে ।

আনহাতে ৰঙিয়া জংচনৰ সদা ব্যস্ত ৪ নং প্লেটফৰ্মত এটি মৃতদেহ উদ্ধাৰ হয় । লোকজনৰ বয়স প্ৰায় ৬০ বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে। তহলদাৰী আৰক্ষীয়ে প্লেটফৰ্মৰ এখন বেঞ্চত এজন লোক শুই থকা প্ৰত্যক্ষ কৰে । লগে লগে আৰক্ষীয়ে চিকিৎসকক আনি পৰীক্ষা কৰে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে । কলা পেন্ট আৰু বগা চাৰ্ট পৰিহিত লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই । ৰঙিয়া ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । লোকজনৰ মৃত্যু সন্দৰ্ভত ৰঙিয়া ৰেল আৰক্ষীয়ে প্ৰথমিক তদন্ত আৰম্ভ কৰিছে ।