দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ ৰঙিয়াত উপস্থিত হ’ল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বামপন্থী নেতা মাণিক সৰকাৰ।
সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত নেতা গৰাকীয়ে কেইবাটাও বিষয়ত মন্তব্য প্ৰকাশ কৰে । মতৰ পাৰ্থক্য থকাৰ পিছতো কংগ্ৰেছৰ সৈতে কাম কৰাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে এই ব্যৱস্থাটো কংগ্ৰেছৰৰ কামৰ ওপৰত নিৰ্ভৰ কৰে । বৰ্তমান পৰিস্থিত দেশত চৰকাৰ আৰ এছ এছ ৰ নিৰ্দেশত পৰিচালিত হৈ আছে । দেশৰ চৰকাৰখন সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক শক্তি তথা কৰ্পৰেট হাউচৰ নিয়ন্ত্ৰণত আছে । চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থৰ পূৰ্বে ডাঙৰ ডাঙৰ পুঁজিপতি সকলৰ সুবিধাৰ কথাহে চিন্তা কৰি আহিছে । এক কথাত কবলৈ গলে চৌদিশে দুৰ্নীতিয়ে চানি ধৰিছে ।
এই পৰিস্থিতত চৰকাৰ খনে কৰা অনিয়ম অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছেও মাত মাতি আছে আৰু চি পি আই এম দলেও মাত মাতি আছে । এনেকুৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বিৰোধীতা কৰাৰ প্ৰশ্নই উত্থাপন হব নোৱাৰে ।