ৰঙিয়াঃ ৰঙিয়াত আম আদমী পাৰ্টীৰ পাঁচ শতাধিক সদস্য পদত্যাগ কৰাৰ পিছত সংবাদমেল সম্বোধন দলৰ ৰঙিয়া বিধান সমষ্টিৰ সভাপতি আৰু সম্পাদকৰ।
সোমবাৰে ৰঙিয়াত আম আদমী পাৰ্টীৰ কেবাজনো নতুন আৰু পুৰণি সদস্য দলৰ পৰা পদত্যাগ কৰাৰ পিছতে সমগ্ৰ বিষয়ত মুখ খোলে আম আদমি পাৰ্টি দলৰ ৰঙিয়া বিধানসভা সমষ্টিৰ সমিতিয়ে । ” যি কেইজন সদস্যই দল ত্যাগ কৰি নতুন সমিটিখন নীতি বহিৰ্ভূত ভাবে হোৱা বুলি কৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা কথা। বৰ্তমানৰ সমিতি খন নীতি-নিয়মৰ মাজেৰে গঠন কৰা হৈছে ।” এই বুলি মন্তব্য কৰে সভাপতি ৰূপক দাসে ।
লগতে ৰঙিয়া বিধানসভাৰ সভাপতি জনে কয় যে- তেওঁলোকে 500 জন বুলি কৈছে সেয়া মিছা কথা, মাত্ৰ 10-12 জন লোকহে দল এৰিছে আৰু তেওঁলোকৰ মাত্ৰ এজনহে দলৰ বৰ্তমানৰ কমিটিৰ, সেইজন হ’ল উপসভাপতি বাবুল কাকতি আৰু বাকী সকলো দলৰ প্ৰাক্তন সদস্য ।
আনহাতে দলৰ ৰাজ্যিক কমিটিৰ ওপৰত যি অভিযোগ উঠিছে যে দলে বিজেপিৰ হৈ কাম কৰিছে সেয়া হ’লে দলে বৰ্তমানৰ I.N.D.I.A. ত চামিল নহল হেতেন, আম আদমী পাৰ্টীয়ে বিজেপি দলৰ অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু প্ৰতিবাদ কৰি আহিছে আৰু সদায় কৰি যাব এই বুলি প্ৰত্যুত্তৰ দিয়ে ৰঙিয়া সমষ্টিৰ সভাপতি আৰু সম্পাদকদ্বয়ে।পদত্যাগ কৰা কৰ্মীসকলক দললৈ ঘুৰি আহিবলৈও তেওঁলোকে আবেদন জনায় ।