ৰঙিয়াত আপ দলৰ সমূহীয়া পদত্যাগ

ৰঙিয়াঃ ৰঙিয়াত আপ দলৰ সমূহীয়া পদত্যাগ । ৰঙিয়া সমষ্টিৰ ৩ গৰাকী উপ-সভাপতি সহ পদত্যাগ ৫০০ কৰ্মীৰ। লগতে পদত্যাগ কৰিলে উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সভাপতি নব কাকতিয়ো।

ৰাজ্যিক কমিটিৰ কাম-কাজত অতিষ্ঠ হৈ পদত্যাগ কৰিলে এই নেতা তথা কৰ্মীসকলে । তৃণমূল কৰ্মী সকলক গুৰুত্ব নিদিয়াৰ অভিযোগ পদত্যাগ কৰা কৰ্মী সকলৰ ।

ৰাজ্যিক সভাপতি ডঃ ভবেন চৌধুৰী আৰু তত্ত্বাবধায়ক ৰাজেশ শৰ্মাক অদক্ষ বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰ্মী সকলৰ । ৰঙিয়া প্ৰেছ ক্লাৱত সংবাদ মেলযোগে ঘোষণা পদত্যাগী আপকৰ্মীৰ। এই সকল কৰ্মীয়ে কেজৰিয়ালৰ আদৰ্শৰ প্ৰতি মোহিত হৈ দলত যোগদান কৰিছিল কিন্তু ৰাজ্যত যি সকল লোকে নেতৃত্ব লৈ আছে সেই সকল লোকৰ কৰ্ম দক্ষতাৰ ওপৰত সন্দেহ হৈ আজি এই সিদ্ধান্ত গ্ৰহণ নেতা কৰ্মী সকলে।
আনহাতে আম আদমী পাৰ্টীৰ ৰাজ্যিক মিডিয়া আহ্বায়ক জয়ন্ত কুমাৰ কলিতাৰ বিৰুদ্ধেও তীব্ৰ অভিযোগ এই নেতা কৰ্মী সকলৰ। জয়ন্ত কলিতাই পূৰ্বৰ সমিতি খন অনৈতিকভাবে ভংগ কৰি নতুন কমিটি খন নিজ মইমতালিৰে গঠন কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰ্মী সকলৰ । ৰঙিয়াৰ পৰা সৰু খান।