ৰঙিয়াত অসম জাতীয় পৰিষদৰ সাংগঠানিক সভা । সভাখন অজাপৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু ৰঙিয়া মহকুমা সমিতিৰ সহযোগত ৰঙিয়াৰ তিনিআলিস্থিত নৱসুৰুয পুথিভঁৰালত অনুষ্ঠিত হয় ।
উক্ত সভাখনত দলটোৰ সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় শতাধিক নেতা কৰ্মীয়েও দলটোত যোগদান কৰে ।
সভাখনত দলটোৱে আগন্তক দিনত কেনেদৰে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন অৱতীৰ্ন হৱ তাক লৈ বিতং ভাৱে আলোচনা কৰা হয়।
অজাপৰ সাংগঠানিক আৰু যোগদান সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপষ্ঠিত থাকে আজাপৰ কেন্দ্ৰীয় উপ সভাপতি দুলু আহমেদ।
সভাখনত ভাষণ দি দুলু আহমেদে মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি ৰাইজক আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ।