ৰঙিয়াত অচিৰেই মুকলি হ’বলৈ গৈ আছে এখন আইন মহাবিদ্যলয়।

ৰঙিয়াক এডুকেশ্বনেল হাবলৈ পৰ্যবেশিত কৰাৰ উদ্দেশ্যে, ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ।

ৰঙিয়াত অচিৰেই মুকলি হ’বলৈ গৈ আছে এখন আইন মহাবিদ্যলয়ৰ। প্ৰায় ১৫ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই মহাবিদ্যালয়খন হ’ব সু উচ্চ চাৰি মহলীয়া। ৰঙিয়াকে ধৰি পাৰ্শ্ববৰ্তী বহু অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ আইন শিক্ষা প্ৰদানৰ অন্যতম প্ৰতিষ্ঠান হ’ব ৰঙিয়াৰ এই আইন মহাবিদ্যাল়য়খন।

শেহতীয়াকৈ ৰঙিয়া মহাবিদ্যালয়ক স্নাতকোত্তৰ পৰ্যায়লৈ উন্নীতকৰণ কৰা বিশাল অট্টালিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল। ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰি থকা হৈছে এইখন আইন মহাবিদ্যালয়।

ৰঙিয়াত শৈক্ষিক দিশটো বৰ্তাই ৰখাৰ প্ৰচেষ্টা বিধায়ক ভৱেশ কলিতাৰ। নিৰ্মান কাৰ্য্য পৰিদৰ্শন কৰে বিজেপি সভাপতি তথা ৰঙিয়া স্থানীয় বিধায়ক ভৱেশ কলিতাই।