ৰঙিয়াত অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা

ৰঙিয়াত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আৰম্ভ । দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনত আৰম্ভ হৈছে অনুষ্ঠান । বন্তি প্ৰজ্জ্বলন আৰু বন্দনাৰে সভাখনৰ আৰম্ভণি কৰা হয় ।

সভাখনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি,অসমৰ উপ সভাপতি ড০ ৰামানন্দ দাসে । সভাপতিৰ আসন গ্ৰহণৰ পাছতেই আদৰণি ভাষণ পাঠ কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে । সভাখনত মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে । সমিতিৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে বাৰ্ষিক সাধাৰণ সভাৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । দুদিনীয়াকৈ আয়োজিত অধিবেশনৰ অন্তিম দিনা বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে অসমৰ বিভিন্ন উপ সমিতি সমুহৰ প্ৰমুখসকলে নিজ নিজ আঁচনি সম্পৰ্কত প্ৰতিবেদন দাখিল আৰু বক্তব্য ৰাখিব । লগতে আগন্তুক বৰ্ষটোৰ বাবে যোজনা প্ৰস্তুত কৰি গ্ৰহণ কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *