৯৫.১৬ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল বৰপেটাৰ মাজদিয়াৰ আনিছা আঞ্জুম।
সোমবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিষ্টিংচন নম্বৰ লাভ কৰি বৰপেটা জিলাৰ মাজদিয়ালৈ সুনাম কঢ়িয়াই আনিছে আনিছা আঞ্জুমে । মাজদিয়া গাঁৱৰ বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইন আৰু আমিনা আহমেদৰ সুযোগ্যা কন্যা আনিছাই ৯৫.১৬ শতাংশ নম্বৰ লাভ কৰি গাঁৱখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বহৰিৰ ডনবস্ক ইংলিচ মিডিয়াম হাইস্কুলৰ ছাত্ৰী আনিছা আঞ্জুমৰ সফলতাত বিদ্যালয়খনতো উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। নিজৰ এই সাফল্যত আনিছাই প্ৰথমতে খুড়াক চহিদুল ইছলাম তাৰ পাছত পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতিত্ব প্ৰদান কৰে। ভবিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ হেঁপাহ মনত পুহি ৰখা আনিছাই আজৰি সময়ত গান শুনি আৰু ছবি আঁকি ভাল পায়। আনিছাই হোজাইৰ আজমল চুপাৰ ফৰ্টিত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছে বুলি জানিবলৈ দিয়ে। আনিছাৰ সফলতাত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আটাইয়ে সন্তুষ্টি লাভ কৰে। আনিছাই ঐচ্ছিক গণিতত ১০০, সাধাৰণ গণিতত ৯৮, সমাজ বিজ্ঞানত ৯৬, ইংৰাজীত ৯৫, অসমীয়াত ৯২ আৰু সাধাৰণ বিজ্ঞানত ৯০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনিছাৰ পিতৃ বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনে ছোৱালীজনীক প্ৰথমতে এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ কামনা কৰে। আনিছাৰ ঘৰুৱা শিক্ষক নাছিল যদিও খুড়াক তথা বিজ্ঞান শিক্ষক চহিদুল ইছলামে তত্বাৱধানত ৰাখিছিল।