চৰাইদেউ: ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলা স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে আগবাঢ়িছে ৷ অহা ৭ অক্টোবৰত ইউনেস্ক’ৰ এটি সজাতি চৰাইদেউ উপস্থিত হ’বহি ।
বিশ্ব মানচিত্ৰত চৰাইদেউক স্থান দিবলৈ দিনে নিশাই কৰ্মত ব্যস্ত হৈ পৰিছে সংশ্লিষ্ট বিভাগ। ঐতিহাসিক চৰাইদেউ মৈদামত বৰ্তমান দেখা পোৱা গৈছে যুদ্ধ সদৃশ তৎপৰতা।
ইতিমধ্যে বুধবাৰে চৰাইদেউত উপস্থিত হৈ মন্ত্ৰী নন্দিতা গাৰ্লোচাই তদাৰক কৰি আছে কাম-কাজ ৷ বিভাগীয় কৰ্তৃপক্ষ সৈতে আলোচনা মিলিত হৈ মন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতি বুজ লৈছে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানচিত্ৰত যাতে চৰাইদেউ নাম অন্তৰ্ভুক্ত হয় সেয়া অন্তঃকৰণেৰে কামনা কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
অহা ৭ অক্টোবৰত ইউনেস্কোৰ দলে পৰ্যবেক্ষণ কৰিব চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম পৰ্যবেক্ষণৰ পিছত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বৰূপে স্বীকৃতি প্ৰদান কৰিব দলটোৱে। সেয়ে চৰাইদেউ মৈদামক সজাই পৰাই তুলিবলৈ হাতে-কামে লাগিছে কৰ্তপক্ষ। মৈদামখনিয়ে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পাই তাকেলৈ আগ্ৰহেৰে বাট চাই আছে চৰাইদেউবাসীয়ে ৷
৩দিন মৈদামক্ষেত্ৰ ভ্ৰমণ কৰি ইউনেস্কোৰ বিশেষজ্ঞ দলটোৰ প্ৰতিনিধিয়ে তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি ইয়াৰ ওপৰত দাখিল কৰিব প্ৰতিবেদন। প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হ’ব।
মৈদামক্ষেত্ৰত উপস্থিত হৈ ড’ছিয়াৰত চিহ্নিত কৰা ক’ৰ জ’ন ৯৫.২ হেক্টৰ ভূমি আৰু বাফাৰ জ’নত থকা প্ৰায় ৬শ বিঘা ভূমিত সিঁচৰতি হৈ থকা আহোম ৰাজত্বকালৰ বিভিন্ন সমল, পুখুৰী আৰু মৈদামসমূহৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰিব ইউনেস্কৰ বিশেষজ্ঞগৰাকীয়ে। অহা ৯ অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ, অধ্যয়ন কৰি চিংগাপুৰলৈ ৰাওনা হ’ব। বিশেষজ্ঞগৰাকীয়ে মৈদামক্ষেত্ৰৰ ক’ৰ জ’নত থকা বিস্তীৰ্ণ অঞ্চলৰ লগতে বাফাৰ জ’নত থকা ঐতিহাসিক ঠাই, মৈদাম আৰু পুখুৰী আদিও পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।