ঘগ্ৰাপাৰ, ১০ চেপ্তেম্বৰঃ নলবাৰী জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুল খেল পথাৰত আজিৰে পৰা আৰম্ভ হোৱা ৫৭ সংখ্যক চৈয়দ ৰেজেক আলী সোঁৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা – ২০২৩ ৰ আজিৰ উদ্বোধনী খেলখনত বৰমা ইউনাইটেড ফুটবল ক্লাৱক ২ – ০ গ’লৰ ব্যৱধানত কেতেকীবাৰী ফুটবল ক্লাৱ, হাজোই পৰাস্ত কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে ৷
যথেষ্ট সংখ্যক ক্ৰীড়া অনুৰাগীৰ উপস্থিতিত আজিৰ উদ্বোধনী খেলখন উদ্বোধন কৰে প্ৰয়াত ৰেজেক আলীৰ জ্যেষ্ঠ পুত্ৰ তাইজুদ্দিন আদমেদে ৷ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ৰেজিনা আহমেদ, বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ মুনিন্দ্ৰ ৰাজবংশী, বিশিষ্ট সমাজকৰ্মী ভৱেশ বৰদলৈ, সাংবাদিক বীৰেন কলিতা, শিক্ষক অমূল্য কলিতাসহ ভালেকেইজন বিশিষ্ট লোকে ৷
প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলখন অহা ১৩ চেপ্তেম্বৰত ৰঙিয়া ক্ৰীড়া সন্থা বনাম শালবাৰী এফ চিৰ মাজত অনুষ্ঠিত হ’ব বুলি ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ ৰহমান আৰু সম্পাদক জ্যোতিষ ডেকাই জানিবলৈ দিছে ৷