আজি ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিকৰ ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ১৫ হাজাৰ ৩২৪ গৰাকী শিক্ষাৰ্থী। উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ। মুঠ ৩ লাখ ১ হাজাৰ ৮৭৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাত।
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৯৪,৯১৩ গৰাকী শিক্ষাৰ্থী,
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৪৮ হাজাৰ ৫৭৩ গৰাকী । আৰু
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৮ হাজাৰ ৩৯৪ গৰাকী শিক্ষাৰ্থী।
ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৪.৭১ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭০.৯৬ শতাংশ।
আজিৰ ফলাফলত জিলা ভিত্তিত ৮৮.৬৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত চিৰাং জিলা। আনহাতে, ৫৯.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত গোৱালপাৰা জিলা।
আনহাতে, আজিৰ ফলাফলত, শীৰ্ষ ১০টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৬১ গৰাকী শিক্ষাৰ্থীয়ে। Distinction Marks লাভ কৰিছে ৮৫১৭ গৰাকী শিক্ষাৰ্থীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৮ হাজাৰ ৬৫৩ গৰাকী শিক্ষাৰ্থীয়ে।
উল্লেখযোগ্য যে বিগত বৰ্ষত মেট্ৰিকৰ উত্তীৰ্ণ হাৰ আছিল ৫৬.৪৯ শতাংশ। এই বৰ্ষত এই হাৰ বৃদ্ধি পাইছে ৭২.৬৯ শতাংশলৈ।