নগৰবেৰা: ২০০ বছৰ পুৰণি অসম মূলুকৰ এখন গাওঁ। অতি পুৰণি গাঁওখনত আজিলৈ নহল বাট-পথৰ উন্নয়ন।দেশ স্বাধীন হোৱাৰ ৭৬ বছৰ পাছতো বাট – পথৰ দূৰবস্থাৰ ফলত যাতায়ত সমস্যাই বাৰুকৈয়ে ককবকাইছে বকো সমষ্টিৰ ঐতিহ্যপূৰ্ণ গাওঁ ৰঙ্গেশ্বৰীৰ ৰাইজে।

সাধাৰণ এজাক বৰষুণতে বোকাময় হৈ পৰে গাওঁখনৰ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ কেচা পথছোৱা। ফলত ছাত্ৰ ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে ভূগিব লাগে যমৰ যাতনা। স্থানীয় জনপ্ৰতিনিধি, বিধায়কক কৈ কৈ ভাগৰি গৈছে যদিওঁ আজিলৈকে গাঁওখনৰ সদা ব্যস্ত পথছোৱা নহল পকীকৰণ।

স্বাধীনোত্তৰ কালত কোনো এগৰাকী বিধায়কে গাঁওখনৰ পথছোৱা পকীকৰণৰ ব্যৱস্থা নকৰিলে।বৰ্তমানৰ বিধায়িকা নন্দিতা দাসেও পথছোৱা পকীকৰণৰ ব্যৱস্থা নকৰাত ক্ষুন্ন হৈ পৰিছে গাঁওবাসী।সেয়ে চৰকাৰ জনপ্ৰতিনিধিৰ আশা এৰি ওলাই আহিল ৰাইজ।

ৰঙ্গেশ্বৰী উন্নয়ন সমিতি আৰু মুকুতা ক্লাৱৰ উদ্যোগত এইদৰে হাতে হাতে কোৰ কোদাল লৈ শ্ৰমদানেৰে মেৰামতি কৰিলে বিধ্বস্ত পথছোৱা। শীঘ্ৰেই ঐতিহ্যমণ্ডিত গাঁওখনৰ পথছোৱা পকীকৰণ কৰাৰ দাবী জনাইছে গাঁওবাসীয়ে।