১৫ ছেপ্তেম্বৰ: ৰশিফল

মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ আৰু ঘটনাবহুল । নিজৰ স্বাৰ্থতকৈ আনৰ স্বাৰ্থক প্ৰাধান্য দিলে ভৱিষ্যতৰ উন্নতিৰ পথ মসৃন হ’ব। অফিচৰ কামত ভ্ৰমণ হ’ব পৰাৰ সম্ভাৱনা আছে ।

বৃষ ৰাশি: আজি গোটেই দিন আপোনাক ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতৰপৰা সুযোগ গুচি যাব পাৰে । অতীতৰ সকলো কথা পাহৰি নতুনকৈ কাম আৰম্ভ কৰাৰ চেষ্টা কৰিব লাগিব।

মিথুন ৰাশি : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল লাভ কৰিব, সেই সংক্ৰান্তীয় সুখবৰ অহাৰ সম্ভাৱনা আছে। আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে । আজি আপুনি সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ।

কৰ্কট ৰাশি: দিনটোত যিমান বাধাই নাহক, একান্তমনে নিজৰ কাম কৰি যাব লাগিব, সমস্যাৰ সমাধান এয়াই। অধিক ব্যয়ৰ সম্ভাৱনা আছে। সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰছ কৰিবলগীয়া হ’ব পাৰে । আপোনাৰ স্বাস্থ্যই দিগদাৰ দিব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে । বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব । সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে । জীৱনত অগ্ৰগতিৰ সুযোগ লাভ কৰিব, সেয়া চিনাত ভুল কৰিলে নহ’ব। দ্ৰুতভাৱে সিদ্ধান্ত ল’ব লাগিব।

কন্যা ৰাশি : মানুহ চিনি নিজৰ মতামত শ্বেয়াৰ কৰক, নহ’লে কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনাৰ বাবে অনুকূল। চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে । ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব । পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব পাৰে।

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক । বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে আজি হয়তো দেখিব যে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ প্ৰতি আন্তৰিকতা আৰু সহযোগিতাৰ ভাৱ পোষণ কৰি আছে। বিদেশত বসবাসকাৰী বন্ধু আৰু প্ৰিয়জনসকলৰপৰা বাতৰি পাই আপোনাৰ মন ভাল লাগিব । প্ৰয়োজন বুজি কামৰ পৰিকল্পনা কৰিব লাগিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ কামত আহিব।

বৃশ্চিক ৰাশি : ভালটো বাচি ল’ব পাৰিলে ভৱিষ্যতে প্ৰশংসা আৰু উন্নতি দুয়োটাই লাভ কৰিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক । অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ।

ধনু ৰাশি: আজি আপোনাৰ দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব । আপুনি অইন সংস্কৃতিৰ কোনো আকৰ্ষণীয় মানুহক লগ পাব পাৰে, এই সাক্ষাতে আপোনাক আনন্দপূৰ্ণ কৰি ৰাখিব । আপুনি নিজৰ সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব ।

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব । সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব । আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে । ব্যৱসায় কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ।স্বাস্থ্য উত্তম । ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ।

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে । আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে আৰু আপুনি আজি নিজক সম্পূৰ্ণ ৰূপত নিশকতীয়া অনুভৱ কৰিব ।

মীন ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে, আপুনি তৰ্ক-বিতৰ্ক এৰাই চলাটোহে ভাল । আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব ।