
মেষ ৰাশি: আজি গোটেই দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ গাড়ী সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ প্ৰেমত মধ্যম।

বৃষ ৰাশি: আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব ৷ আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব ৷

মিথুন ৰাশি: কৰ্মত বাধা। আৰ্থিক বিষয়সমূহত ব্যৰ্থতা আহিব পাৰে, কিন্তু আকৌ আপোনাৰ পৰিকল্পনা অনুসৰিয়ে আপোনাৰ কামবোৰ নিমজকৈ আগবাঢ়ি যাব ৷ সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷

কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন হ’ব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷

সিংহ ৰাশি: আজি আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব ৷ তৰ্ক বিবাদৰপৰা দূৰত থাকক ৷ আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক ৷ সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে ৷

কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰপৰা সু-সংবাদ পোৱাৰ আশা আছে ৷ প্ৰেমত উৎসাহ বাঢ়িব।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল আৰু অনুকূল ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে ৷ পদোন্নতিৰ প্ৰবল সুযোগ আছে ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰিতা পাব পাৰে ৷

বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব। আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক ৷ সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ নতুন কোনো চিকিৎসাও আজি আৰম্ভ কৰাব নালাগে ৷ আপোনাৰ কথাবতৰা আৰু আচৰণত সাৱধান হওঁক ৷ অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: আজিৰ দিনটো শুভ ৷ আজি ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰভূত সম্ভাৱনা আছে ৷ কমিছন, সুত পোৱাৰ জৰিয়তে বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে ৷ আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰভূত উন্নতি হ’ব ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷

কুম্ভ ৰাশি: কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব আপুনি ৷ ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহায্য আৰু উপকাৰ কৰিব ৷ পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিতকৈ আনন্দ পাব। গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব লাগিব ৷

মীন ৰাশি: আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ আজি আপুনি নিজৰ কল্পৰাজ্যত নিজৰ খুচিমতে য’তে ইচ্ছা ত’তেই বিচৰণ কৰিব ৷ আজিৰ দিনটো শিক্ষক আৰু পণ্ডিতসকলৰ বাবে অতি শুভ ৷ আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ৷