মেষ ৰাশি: আজি আপোনাৰ আৱেগ আৰু অনুভূতিয়ে আপোনাক চলাই থাকিব, তাৰ ফলত আপুনি হয়তো কাৰোবাক এনেকুৱা কিবা কৈ দিব যে তাৰ বাবে পিছত অনুতাপ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ গাড়ী সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ শিক্ষক আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ৷
বৃষ ৰাশি:আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব ৷ আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব ৷
মিথুন ৰাশি: কাম কৰিবলৈ যাওঁতে বাধা পাব আৰু কিবা নহয় কিবা কাৰণত কামত আপোনাৰ পলম হ’ব পাৰে ৷ আৰ্থিক বিষয়সমূহত ব্যৰ্থতা আহিব পাৰে, কিন্তু আকৌ আপোনাৰ পৰিকল্পনা অনুসৰিয়ে আপোনাৰ কামবোৰ নিমজকৈ আগবাঢ়ি যাব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷
কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন হ’ব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷
সিংহ ৰাশি: নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব ৷ কাৰো হৈ কোনো কথা নক’ব বা কাৰো হৈ কোনো কথা নিদিব ৷ তৰ্ক বিবাদৰপৰা দূৰত থাকক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে ৷
কন্যা ৰাশি:আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব ৷ এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰপৰা সু-সংবাদ পোৱাৰ আশা আছে ৷
তুলা ৰাশি: দিনটো আপোনাৰ বাবে অত্যধিক শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল আৰু অনুকূল ৷ পদোন্নতিৰ প্ৰবল সুযোগ আছে ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰিতা পাব পাৰে।
বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি বিশেষ প্ৰসন্ন নাথাকিব আৰু আপোনাৰ সকলো কামক জটিলভাৱে বিচাৰ বিশ্লেষণ কৰিব ৷ যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে ৷ লগতে আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ ব্যয় বাঢ়িব।
ধনু ৰাশি: আপোনাৰ কথাবতৰা আৰু আচৰণত সাৱধান হওঁক ৷ অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ সম্পৰ্ক আৰু বে-আইনী কামত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল লাগিব ৷
মকৰ ৰাশি: দিনটো শুভ ৷ আজি ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰভূত সম্ভাৱনা আছে ৷ হাতলৈ অতিৰিক্ত টকা অহাৰ উজ্জ্বল সম্ভাৱনা আছে ৷ আপোনাৰ ৰাজহুৱা ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিৰ লেখতল’বলগীয়াকৈ উন্নত হ’ব ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷
কুম্ভ ৰাশি: কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব আপুনি ৷ ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহায্য আৰু উপকাৰ কৰিব ৷ পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিতকৈ আনন্দ পাব আৰু সেয়া আপোনাৰ বাবে মূল্যবান যেন লাগিব ৷
মীন ৰাশি: আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ আজি আপুনি নিজৰ কল্পৰাজ্যত নিজৰ খুচিমতে য’তে ইচ্ছা ত’তেই বিচৰণ কৰিব ৷ আজিৰ দিনটো শিক্ষক আৰু পণ্ডিতসকলৰ বাবে অতি শুভ ৷ আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ৷