হৰি নামেৰে মুখৰিত ৰঙিয়া চেনীমাৰা – বিহাপাৰা অঞ্চল

হৰি নামেৰে মুখৰিত ৰঙিয়া চেনীমাৰা – বিহাপাৰা অঞ্চল । ভগৱত যাত্ৰাৰ আষিশ ললে হেজাৰ- হেজাৰ ভক্তপ্ৰাণ ৰাইজে ।

ৰঙিয়াঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ তম্ জন্ম মহোৎসৱত হৰি নামেৰে মুখৰিত হল ৰঙিয়া। ৰঙিয়া চেনীমাৰা বিহাপাৰাত শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্ম মহোৎসৱত সোমবাৰে উলিওৱা হয় বিশাল ভগৱাত শোঁভাযাত্ৰা।

অঞ্চলটোৰ পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজ তথা বিহাপাৰা মধ্যচুপা নামঘৰৰ অংশগ্ৰহণৰে অঞ্চলটোত উলিওৱা শোঁভাযাত্ৰাত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে ভগৱাত যাত্ৰাৰ আষিশ গ্ৰহণ কৰে ।

ইফালে চেনীমাৰা শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ সৌজনত তিনি দিনিয়াকৈ অনুষ্ঠিত হোৱা মহাপুৰুষ গৰাকীৰ জন্ম মহোৎসৱৰ লগত সংগতিৰাখি ৰবিবাৰে প্ৰথম কাৰ্য্যসূচী ভগৱত প্ৰতিষ্ঠাপনৰে আৰম্ভ হয় । ইয়াৰ পিচতে উষা কীৰ্ত্তন, নামকীৰ্ত্তনৰ লগতে আন কেইবাটাও কাৰ্য্যসূচীৰে মঙ্গলবাৰে আইসকলৰ নামেৰে সামৰণি পৰিব মহোৎসৱৰ কাৰ্য্যসূচী ।