মৰিয়নী: পুনৰ এটা হাতীৰ পোৱালী মৰিয়নী নাগাজাংকা Eco Camp ৰ বিপৰীত দিশত থকা হোলোংগুৰি বাগানৰ পকী টেংকিত আবদ্ধ হয়। বহু সময় ধৰি পাৰলৈ উঠিবলৈ চেষ্টা কৰিও হাতী পোৱালিটো বিফল হৈছিল।

বহুবাৰ খবৰ দিয়াৰ পাছতো সময়ত উপস্থিত নহ’ল বন বিভাগৰ লোক। পিছত স্থানীয় চাহ শ্ৰমিকৰ তৎপৰতাত উদ্ধাৰ হ’ল বন্যহস্তীৰ পোৱালিটো।

ইতিপূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল দিহিংগা পাৰ বাগানত।

বাগান কৰ্তৃপক্ষই উন্মুক্তকৈ ৰাখি থোৱা এনেবোৰ টেংকীৰ বাবে সঘনাই সংঘটিত হৈ আহিছে এনেবোৰ ঘটনা।
