হোটেল নভ’টেলত মহিলাৰ স্তন কেন্সাৰ আৰু ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সংবাদমেল

গুৱাহাটীঃ শণিবাৰে গুৱাহাটীৰ জি এচ ৰোডত অৱস্থিত নভ’টেল হোটেলত নাৰায়ণা চুপাৰস্পেছিয়ালেটি হস্পিটেলৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয়।

সংবাদমেলখন সম্বোধন কৰে বেংগালোৰৰ নাৰায়ণা হেল্থৰ Gynecologic Oncologist আৰু Robotic Surgeon ৰ বিশেষজ্ঞ ড. ৰোহিত আৰ. ৰাণাডে।

সমগ্ৰ বিশ্বতে কৰ্কট ৰোগত মৃত্যুৰ হোৱা লোকৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে, গতিকে এই সময়ত ইয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে । কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায় তেতিয়া, যেতিয়া মানুহক ইয়াৰ বিষয়ে সঠিকভাৱে অৱগত কৰা হয় আৰু কৰ্কট ৰোগত আক্ৰান্ত হ’লে কি পদক্ষেপ ল’ব লাগে সেই কথা জানি লোৱা হয় । কেন্সাৰ প্ৰতিৰোধ, ইয়াৰ নিদান আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই এই সংবাদমেলখন অনুস্থিত কৰা হৈছিল।

মানুহে জনা উচিত যে ধঁপাত আৰু মদ সেৱন কৰিলেই যে কেন্সাৰ হয় এনে নহয় । ইয়াৰ উপৰিও বিভিন্ন কাৰ্চিনোজেনৰ দৰে ৰাসায়নিক পদাৰ্থ আৰু সূৰ্যৰ পোহৰৰ পৰা UV ৰশ্মিকে ধৰি ক্ষতিকাৰক বিকিৰণৰ সংস্পৰ্শলৈ আহিলে, মেদবহুলতা আৰু পাৰিবাৰিক কৰ্কট ৰোগৰ ইতিহাসত থাকিলেও বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ভাৰতত আটাইতকৈ সাধাৰণ কৰ্কট ৰোগ হ’ল স্তন কেন্সাৰ, মুখৰ কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰ, গেষ্ট্ৰিক, কলৰেক্টাল আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ ।

উক্ত সংবাদমেলখনত বিশেষকৈ মহিলাৰ স্তন কেন্সাৰ আৰু ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে বিষদভাবে আলোকপাত কৰা হয়।