হোজাই কাৰ্ৱি আংলং সীমান্তবৰ্তী নখুঁটি শিৱিৰ বজাৰ আৰু আমবাৰী সংৰক্ষিত বনভূমিত কাৰ্ৱি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।

হোজাই কাৰ্ৱি আংলং সীমান্তবৰ্তী নখুঁটি শিৱিৰ বজাৰ আৰু আমবাৰী সংৰক্ষিত বনভূমিত কাৰ্ৱি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।

মঙলবাৰে পুৱায়েই উক্ত অঞ্চলটোত কোনো জাননী অবিহনেই কাৰ্ৱি আংলং প্ৰশাসনৰ বিষয়ববীয়া আৰু আৰক্ষী এক বিশাল বাহিনী উপস্থিত হৈ এফালৰ পৰা উচ্ছেদ চলায়।

প্ৰশাসনে অৱৈধভাৱে বসতি স্থাপন কৰি থকা লোকসকলৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি জ্বলাই দিয়ে।

লক্ষ্যণীয় যে, দীৰ্ঘদিনৰ পৰা উক্ত বিবাদমান অঞ্চলটো কাৰ্ৱি আংলংয়ে দাবী কৰি অহাৰ সমান্তৰালকৈ হোজাই মহকুমা প্ৰশাসনেও দাবী কৰি আহিছে।

বৰ্তমানলৈকে দুয়োখন জিলা-মহকুমা প্ৰশাসনে আজিলৈকে সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই।

তেনে এক সময়তে কাৰ্ৱি আংলং প্ৰশাসনে আজি চলোৱা উচ্ছেদ কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

অৱশ্যে পৰৰ্ৱতী সময়ত উচ্ছেদ স্থলীত হোজাই প্ৰশাসনৰ এক উচ্চতৰীয় বিষয়ববীয়া উপস্থিত হৈ কাৰ্ৱি আংলং প্ৰশাসনৰে বিষয়টিক লৈ আলোচনাত মিলিত হোৱাৰ অন্তত সাময়িকভাৱে উচ্ছেদ অভিযান স্থগিত ৰাখে।

ইপিনে, আজিৰ এই উচ্ছেদক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।