হালধিৰ উপকাৰিতা (Benefits of Turmeric)

হালধিৰ উপকাৰিতা (Benefits of Turmeric)
১. হালধি (Turmeric) হৃদ ৰোগ (Heart disease)ৰ বাবে উপকাৰী। কেঁচা হালধিৰ নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২. শৰীৰৰ যিকোনো ধৰণৰ কটা – ছিঙা বা ঘাঁহ (Cut/wounds) আদি হ’লে তাত কেঁচা হালধি (Raw turmeric) পিচি প্ৰলেপ লগালে উপকাৰ হয়।

৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।

৪. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।

৫. হালধি ছালৰ সংক্ৰমণ (skin infections) ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে পোৰা আদিত হালধিৰ ব্যৱহাৰ কৰে।

৬. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী।

৭. হালধি সংক্ৰমণ ৰোধক (anti-infectious), এণ্টিবেক্টেৰিয়েল (anti-bacterial), এণ্টিভাইৰেল (anti-viral) গুণযুক্ত।

৮. হালধি চকুৰ ৰোগ (eye disease) ৰ বাবে উপকাৰী। কেটেৰেক্ট (Cataract), ইউডিআইটিচৰ দৰে চকুৰ ৰোগ (eye disease) সমূহ নিৰাময় কৰে।

৯. লিভাৰৰ ৰোগ (Liver disease), আভোক, জণ্ডিছ (Jaundice), চিৰচিচ (Psoriasis) আদি ৰোগৰ বাবে হালধি উপকাৰী।

১০. ৰাতিপুৱা সময় হালধি গাখীৰ খালে শৰীৰ এলাৰ্জি (Allergy) সমূহ নাইকিয়া হয় ।

১১. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি।

১২. হালধিয়ে মধুমেহ নিয়ন্ত্ৰণ (Diabetes control) কৰে। হালধি মধুমেহ (Diabetes) ৰোগৰ বাবে উপকাৰী। হালধিত থকা লিপোপলিচেকেইড নামৰ উপাদানটোৱে তেজ গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৩. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিনৰ প্ৰভাৱত বিডিএনএফ (BDNF) নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে যাৰ বাবে আলঝেইমাৰৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।

১৪. প্ৰস্বাৱ কমকৈ হোৱা বা প্ৰস্বাৱত জ্বলা – পোৰাত হালধিৰ উপকাৰিতা । ২ চামুচ হালধি ৰস , ৪ চামুচ চালকুৱৰি ৰস ( Aloe vera ) আৰু ১/২ কাপ কূহুমিয়া পানী দিনত তিনিবাৰকৈ খালে E. Coli বীজাণু ৰোধ কৰিব পাৰে।

১৫. শৰীৰৰ অত্যাধিক ওজন (obesity) হ্ৰাস কৰাত হালধি উপকাৰী।

১৬. জুয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।