ক্ষন্তেক সময়ৰ আগতে হাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাকৈ ধাবাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা ।
দুৰ্ঘটনাৰ পিছত প্ৰায় ১ ঘন্টা সময় দুৰ্ঘটনা গ্ৰস্ত ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ থাকিল চালক গৰাকী ।
দুখন ট্ৰাকৰ সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা ।
ক’কা কলা ভৰ্তি এখন ট্ৰাকৰ পিছপিনে এখন তেল পৰিবাহী টেংকাৰে খুন্দিয়াৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ।
দুৰ্ঘটনাত টেংকাৰ খনৰ চালক বহু সময় ধৰি ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছে ।
ক্ৰেনৰ সহায়ত ৰাইজ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে চালক গৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা চলায় ।
দু্ঘটনাৰ পিছৰে পৰাই তীব্ৰ যান যটৰ সৃষ্টি হৈছে হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ।