হবিবুলৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত পৰিয়াল।ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথত বিক্ষোভ কাৰ্যসূচী।
আটাছু, আছা আৰু অসমীয়া যুৱমঞ্চৰ লগতে পৰিয়াল তথা মৃত হবিবুলৰ গাওঁবাসীৰ উত্তাল প্ৰতিবাদ।
শিৱসাগৰঃ তেল চোৰৰ ঘাটিত প্ৰাণ হেৰুওৱা হবিবুল আলিৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ডিমৌত অসমীয়া যুৱ মঞ্চ, আটাছু আৰু আছাৰ বিক্ষোভ কাৰ্যসূচী। “অসম পুলিচ হায় হায়”, “তেল চুৰক ফাঁচি দিব লাগিবই”, “তেল মাফিয়া হায় হায়” আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ডিমৌৰ কাষৰীয়া দিচাংনদীৰ পাৰত দীৰ্ঘদিন ধৰি চলি থকা এটা চোৰাং তেলৰ ঘাটিত তেলৰ টেংকাৰৰ টেংকিৰ ভিতৰত ৱেলল্ডিং কৰি থকা অৱস্থাত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লোৱা ডিমৌৰ ২ নং মাছৈ গাঁৱৰ য়াচিন আলিৰ তৃতীয় পুত্ৰ হবিবুল আলিৰ মৃত্যুৰ এক উচিত তদন্তৰ লগতে দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে ডিমৌৰ কেইবাটাও জাতীয় সংগঠনে।
হবিবুল আলিৰ মৃত্যুৰ বাবে জগৰীয়া তেল চুৰিত অভিযুক্ত ডিমৌ বামুণবাৰীৰ মকবুল হুছেইন ওৰফে বাবাতু, ৱেলডিং গেৰেজৰ মালিক মিন্টু আলি আৰু ভাইক গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ দাবী জনায়, ইয়াৰ অন্যথা আৰু তীব্ৰ জংগী আন্দোলনৰ হুংকাৰ দিয়ে। উল্লেখ্য যে, যোৱা ২৬ জুলাইত হবিবুল আলি নামৰ যুৱকজন দিচাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা ৱেলডিং গেৰেজত তেল পৰিবাহী টেংকাৰৰ টেংকিৰ ভিতৰত সোমাই ৱেলডিং কৰি থকা অৱস্থাত দেহৰ আশী শতাংশ অগ্নিদগ্ধ হৈছিল আৰু ৩ আগষ্টত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লব লগা লৈছিল।
লক্ষণীয় যে, আজি পৰ্যন্ত হবিবুল আলিৰ মৃত্যুৰ তদন্ত থমকি আছে আৰু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।