গুৱাহাটী মহানগৰীত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰইলাৰ মূৰ্গীৰ দাম । দাম বৃদ্ধিৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ জনতা আৰু ব্যৱসায়ীৰ মাজত । গুৱাহাটীৰ লগতে ৰাজ্যৰ আন কেতবোৰ অঞ্চলতো অস্বাভাৱিকভাৱে ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিৰ পোৱাত মূৰে কপালে হাত দিছে ব্যৱসায়ীসকলে ।
ব্ৰইলাৰৰ মূল্যবৃদ্ধিৰ পাছতেই বাঢ়িছে হোটেল-ৰেষ্টোৰাত খাদ্যৰ দামো । গুৱাহাটীৰ ভিন্ন প্ৰান্তত আজিৰ তাৰিখত ১ কেজি কটা ব্ৰইলাৰৰ দাম ৩৬০ টকাৰ পৰা ৩৮০ টকা পৰ্যন্ত । অন্যহাতে গুৱাহাটীৰ বাহিৰত এই ব্ৰইলাৰ কেজি ৪০০ লৈও বৃদ্ধি পাইছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমত প্ৰয়োজন হোৱা ব্ৰইলাৰ মাংসৰ অধিক চাহিদা পূৰণ কৰে পশ্চিম বংগৰ পৰা অনা ব্ৰইলাৰ মুৰ্গীয়ে ।
কিন্তু শ্ৰীৰামপুৰ গেটত এতিয়া ব্ৰইলাৰ কঢ়িয়াই অনা গাড়ী প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে অসমত প্ৰৱেশ কৰিব পৰা নাই ব্ৰইলাৰ মুৰ্গীৰ গাড়ী । যাৰ বাবে দাম বৃদ্ধি হৈছে ব্ৰইলাৰ মাংসৰ । আনহাতে শ্ৰীৰামপুৰত গঢ়ি উঠছে এক ভয়ংকৰ ছিণ্ডিকেট ।
গুৱাহাটী অভিমুখী প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা প্ৰায় ১৫-১৮ হেজাৰ টকা গুণ্ডাটেক্স সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই । যাৰ বাবে ব্ৰইলাৰ মূৰ্গীৰ মূল্যবৃদ্ধি হৈছে অসমত । ঠায়ে ঠায়ে জীয়া ব্ৰইলাৰৰ দামো প্ৰায় ২০০-২৮০ টকা পৰ্যন্ত হৈছে ।