সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত ইছফাকুল হুছেইনৰ সফলতা।

সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত দ্বিতীয় বাৰলৈ আমগুৰিৰ নামতি চাৰি আলি ধোদৰ আলিৰ ইছফাকুল হুছেইনৰ সফলতা।

চেষ্টাই যে যিকোনো সফলতা কঢ়িয়াই আনিব পাৰে সেইয়া প্ৰমাণ কৰি দেখুওৱালে আমগুৰি নামতি চাৰি আলিৰ এজন ছাত্ৰই। ইছফাকুল হুছেইনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ নামতিবাসী।

উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত মুঠ ৫৬২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল। যদিও ছাত্ৰ জনে লাভ কৰা উক্ত নম্বৰত সন্তুষ্ট নহৈ পুনৰ চলিত বৰ্ষৰ ৭ মে’ত সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাত বহে। চিকিৎসা বিজ্ঞান বিষয়ত মুঠ ৬৬০ নম্বৰ লাভ কৰি পুনৰ উৰ্ত্তীণ হয় আমগুৰিৰ নামতি চাৰি আলি ধোদৰ আলিৰ ছাত্ৰ ইছফাকুল হুছেইন।

ইছফাকুল হুছেইন নামতি ধোদৰ আলিৰ বাসিন্দা ৰবিউল হুছেইনৰ পুত্ৰ। ইছফাকুল হুছেইনৰ এই সফলতাত স্থানীয় ৰাইজৰ লগতে পিতৃ মাতৃয়ো আনন্দিত হৈ পৰিছে।