সৰুক্ষেত্ৰীত ধোৱাচাঙত বিজেপিৰ শূন্য সহনশীলতা নীতিঃ জবকাৰ্ডৰ জৰিয়তে লাখ লাখ টকাৰ হৰলুকি

সৰভোগঃ সৰুক্ষেত্ৰীত ধোৱাচাঙত বিজেপিৰ শূন্য সহনশীলতা নীতি। জবকাৰ্ডৰ জৰিয়তে লাখ লাখ টকাৰ হৰলুকি।

এইবাৰ সৰুক্ষেত্ৰীত অসাৰ হৈছে বিজেপিৰ শূন্য সহনশীলতা নীতি।

জবকাৰ্ডৰ জৰিয়তে লাখ লাখ টকাৰ হৰলুকি।

এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪১ নং দক্ষিণ পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তত।

পঞ্চায়ত খনৰ জিআৰ এছ ছোলেমান আলীয়ে সংঘটিত কৰিছে এই দুৰ্নীতি।

জবকাৰ্ডৰ জৰিয়তে এজন হিতাধিকাৰীৰ ধন আন এজনক হিতাধিকাৰী সজাই আত্মসাৎ কৰে দুখীয়াই পোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন।

সততে শূন্য সহনশীলতাৰ শ্লোক আওৰোৱা বিজেপি চৰকাৰৰ দিনত এই বিয়াগোম দুৰ্নীতি সৰুক্ষেত্ৰীৰ পঞ্চায়তে পঞ্চায়তে।

একাংশ দালালৰ জৰিয়তে পঞ্চায়তৰ জি আৰ এছ, একাউন্টটেন্ট, সচিৱে মিলি সংঘটিত কৰি আহিছে এই অবৈধ কাৰবাৰ।

মৌন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বাকপটু কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰ। দুখীয়াৰ নামত আবন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন হৰলুকি কৰা এইসকল বিষয়া কৰ্মচাৰী দালালৰ বিৰুদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে জনা যাব।