সৰভোগৰ সাহাপুৰৰ কেইজনমান যুৱকৰ মহানুভৱতা

সৰভোগৰ সাহাপুৰত এক মৰ্মান্তিক ঘটনা । এগৰাকী অকলহৰীয়া দৰিদ্ৰ বৃদ্ধ মহিলাক ঘৰ বান্ধি দিলে ৰাইজে।

সৰভোগৰ সাহাপুৰৰ কেইজনমান যুৱকৰ মহানুভৱতাই সকলোৰে হৃদয় চুই যাব । সুদীৰ্ঘ পঁচিছ বছৰ ধৰি গৃহ নথকাত ৰাস্তাৰ কাষত, জংগলত ভয় শংকা দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছিল বৃদ্ধা জমেলা খাতুন নামৰ মহিলা গৰাকীয়ে । প্ৰচণ্ড ৰ’দ বৰষুণৰ মাজতে যুদ্ধ সংগ্ৰাম কৰিব লগা হৈছিল মৃত জৰিপ মণ্ডলৰ কন্যা বৃদ্ধা জমেলা খাতুনে। আনৰ ঘৰে ঘৰে ভিক্ষা মাগি জীৱন অতিবাহিত কৰি অহা দুৰভগীয়া মহিলা গৰাকী সন্ধিয়া হোৱাৰ লগে লগে ভয়তে কান্দি থাকে। এই কান্দোন সহ্য কৰিব নোৱাৰি আগবাঢ়ি আহিল মানৱ দৰদী কেইজনমান স্থানীয় যুৱক।

যুৱক সাংবাদিক ৰমিজ তালুকদাৰ, সমাজকৰ্মী জাহিদুল ইছলাম, একাব্বৰ আলী, ছৰোৱাৰ আলী, মগবুল হুছেইন, মমছেদ আলম, আব্দুল খালেক এই যুৱক কেইজনৰ প্ৰচেষ্টাত বৃদ্ধ জমেলা খাতুনক ৰাতি থকাৰ বাবে এটা গৃহ নিৰ্মাণ কৰি দিয়ে ।

বৰনগৰ ৰাজহ চক্ৰ বিষয়া ড: মিথিংগা দৈমাৰী, স্থানীয় গাওবুঢ়া সত্যবান দাস ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধ মহিলা গৰাকীৰ বুজ লয় আৰু বৃদ্ধ মহিলাজনৰ থকাৰ কিছু ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিয়ে।