সৰভোগৰ শুকানজানী হৰি মন্দিৰত স্বাধীনতা দিৱস উদযাপন

সৰভোগৰ শুকানজানী হৰি মন্দিৰত স্বাধীনতা দিৱস উদযাপন।

সমগ্ৰ ভাৰতবৰ্ষৰত আজি পবিত্ৰ দিনটোতে মালহ-মালহৰে পালন কৰিলে স্বাধীনতা দিৱস।

তেনেস্থলতে আজি সৰভোগৰ শুকানজানী হৰি মন্দিৰ প্ৰাংগণত হিন্দু জাগৰণ অসম, বৰপেটা জিলাৰ উদ্যোগত আৰু চকচকা খণ্ড তথা স্থানীয় ৰাইজৰ সহযোগত আজি পবিত্ৰ ১৫ আগষ্ট ৭৭সংখ্যক দিনটোতে স্বাধীনতা দিৱস উদযাপন কৰে।

আজি সভাত সভাপতি ধৰণীধৰ বড়ো, সম্পাদক প্ৰাঞ্জল দাস, বৌদ্ধিক প্ৰমুখ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ উত্তৰ অসম প্ৰান্ত কৌশিক শৰ্মা উপস্থিত থাকে।

পতাকা উত্তোলনৰ পিছতে কণ কণ শিশু সকলক চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভাষা সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ১১বজাৰত বিশাল বাইক ৰেলীৰ আয়োজন কৰে। আবেলি সময়ত মুকলি সভা অনুষ্ঠিত হব বুলি জানিব দিয়ে।

ইংৰাজ সকলে ভাৰতবৰ্ষত যিবোৰ ভাষা প্ৰয়োগ কৰিছিল সেইবোৰ ভাষা বৰ্তমান সময়ত আমাৰ মাজত প্ৰচলিত হৈ আছে আৰু এই ভাষা সংস্কৃতি নাইকিয়া কৰি অসমৰ সমাজ সভ্যতা সংস্কৃতি গঢ় দিব লাগে বুলি উল্লেখ কৰে।