সৰভোগৰ বেকী নৈৰ বুকুত বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ সৌজন্যত উত্তৰ বালাভিঠাত অসম ভিত্তিত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হব অক্টোবৰ ১ তাৰিখত।

সৰভোগঃ বিলুপ্ত হোৱা পৰম্পৰাগত নাওখেল পুনৰ উজ্জীৱিত হৈ আছে এইখন অসমত।
বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটি (NGO)ৰ উদ্দোগত অহা এক অক্টোবৰ ৰবিবাৰ দিনা অসম ভিত্তিত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হব উত্তৰ বালাভিঠা বেকী দলঙৰ কাষতে বেকী নৈৰ বুকুত ।

বৃহত্তৰ বালাভিঠা অঞ্চলৰ লগতে বিভিন্ন গাঁৱৰ ৰাইজৰ তৎপৰতাত আয়োজন কৰিছে বিশাল নাওখেল প্ৰতিযোগিতা।
পৰিচালনা কমিটিৰ সিদ্ধান্ত মৰ্মে দুটা পৰ্য্যায়ত অনুষ্ঠিত হব নাওখেল ।
প্ৰথম গ্ৰুপত নাওখনৰ দৈৰ্ঘ্য ৫২ হাতৰ ওপৰত হব লাগিব আৰু দ্বিতীয় গ্ৰুপত ৫২ হাতৰ তলত হব লাগিব।

প্ৰথম পুৰস্কাৰ ৬১,০০১টকাৰ লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ ৪১,০০১টকাৰ লগতে ট্ৰফি।
দ্বিতীয় গ্ৰুপৰ প্ৰথম পুৰস্কাৰ ৩১,০০১ টকাৰ লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ ২১,০০১ টকা ট্ৰফি এটা।
প্ৰথম গ্ৰুপৰ ভৰ্তি মাচুল ৬৫০০ টকা আৰু দ্বিতীয় গ্ৰুপৰ ভৰ্তি মাচুল ৩৫০০ টকা।
বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ সদস্যসকলে নাওঁ খেল প্ৰতিযোগিতাত ইচ্ছুক খেলুৱৈ সকলে ফোন নম্বৰ ৮০১১৬৬০৩৪৪ /৮৭৬১৯৯২৫৮৮/ ৯৯৫৭৭৭৬৩৬৬ যোগাযোগ কৰিবলৈ আহ্বান জনায় ।