সৰভোগৰ জামাদাৰবড়ী গাঁৱত এগৰাকী মহিলা নিৰুদেশৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে।

সৰভোগৰ জামাদাৰবড়ী গাৱত এগৰাকী মহিলা নিৰুদেশৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে।

সৰভোগঃ এটাৰ পিছত আন এটাকৈ নিৰুদেশৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমতে ।

যোৱা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনটোতে সৰভোগৰ জামাদাৰবড়ী গাঁৱৰ মৃত আফতাৰ আলীৰ পত্নী ছকিনা খাতুন নিজ ঘৰৰ পৰা নিৰুদেশ হয় ।

ছকিনা খাতুনৰ বয়স প্ৰায় ৪৪ বছৰ আৰু চাৰি সন্তানৰ মাতৃ। ৰাতিপুৱা পাঁচ বজাৰ পৰা নিখোজ হৈ আছে ছকিনা খাতুনে। পিন্ধনত শাৰী কাপোৰ আৰু গাৰ বৰণ শ্যামলা ।

জানিব পৰা মতে ছকিনা খাতুনে মানসিক বেমাৰত আক্ৰান্ত হৈ আছে আৰু দীৰ্ঘদিনৰ পৰা চিকিৎসা কৰাৰ পিছতো আৰোগ্য লাভ কৰা নাই ।

যোৱা বানপানী সময়ছোৱাতো ছকিনা খাতুন নিখোঁজ হৈছিল যদিও পৰিয়াল তথা গাঁৱৰ মানুহে বিচাৰি উলিয়াইছিল। কিন্তু এইবাৰ নিৰুদ্দেশ হোৱা ছয় দিন উকলি গল । চাৰিওফালে বিচাৰ খোচাৰ কৰি এতিয়ালৈকে সন্ধান পোৱা নাই ছকিনা খাতুনৰ।

কোনো ব্যক্তিয়ে যদি এই মহিলাগৰাকীৰ সন্ধান পায় সৰভোগ থানা নাইবা পৰিয়ালৰ মোবাইল ফোন নম্বৰ 6900537745 ত যোগাযোগ কৰিবলৈ কাতৰ বাবে আহ্বান জনায়।