সৰভোগঃ সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰত চুৰিকাণ্ড। চোৰে লুটিলে সত্ৰৰ বহু মূল্যৱান সা-সামগ্ৰী।
কীৰ্তনঘৰৰ মণিকূটৰ পৰা চোৰে চুৰি কৰি লৈ যায় শ্ৰীকৃষ্ণৰ সোণৰ মুকুটৰ লগতে বহু সোণ-ৰূপৰ সামগ্ৰী আৰু দানপাত্ৰৰ ধন। লগতে লণ্ড-ভণ্ড সত্ৰৰ প্ৰয়োজনীয় সকলো সা-সামগ্ৰী।
প্ৰায় ৫০০ বছৰৰ পুৰণা হনুমান মুৰ্তিৰ মুৰটো ফালি লণ্ড- ভণ্ড কৰি পেলাই থৈ যায় । চুৰে বিড়ি খোৱা টুকুৰা পেলাই থৈ যায় সত্ৰত।
গৰাখহনীয়া বিধস্ত অঞ্চলৰ পৰা ৰক্ষা পৰা মইনবড়ী সত্ৰ সৰভোগলৈ স্থানান্তৰিত কৰিছিল ।
আজি পুৱাৰ ভাগতে সত্ৰত উপস্থিত হৈ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চুৰি হোৱা ঘটনা সন্দৰ্ভত বুজ লয়।
অৱশেষত মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে দুখত ভাগি পৰি প্ৰশাসনৰ লগতে অসমৰ গৃহ বিভাগে উচিত তদন্ত কৰি চোৰক আইনৰ আওতালৈ আনি কঠোৰ শাস্তি দিব লাগে বুলি উল্লেখ কৰে ।
ইতিমধ্যে প্ৰশাসনে তালাচি অভিযান অব্যাহত ৰাখিছে।