স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতে সৰভোগৰ কামাৰগাওঁ-পেৰাগাৱঁত গণেশ মন্দিৰ নিৰ্মাণ কাৰ্য্যত বৃক্ষ ৰোপণ

সৰভোগ: সমগ্ৰ ভাৰতবৰ্ষত আজি এক পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে ভাৰতবৰ্ষ ৰাইজে স্বাধীনতা পালন কৰিলে ।

গণেশ মন্দিৰ নিৰ্মাণ কমিটিৰ সভাপতি অৰবিন্দ বৰ্মন সম্পাদক জিতু চৌধুৰী, নিৰ্মাণ কমিটিৰ তদাৰক অজিত দাস আৰু ৰাইজৰ তৎপৰতাত কাম চলি আছে কামাৰগাও-পেৰাগাও ধীৰ নদী পাৰ ঘাটত গণেশ মন্দিৰ নিৰ্মাণৰ।

তেনে স্থলতে আজি পবিত্ৰ দিনতে বৰনগৰ বাসী ৰাইজৰ তৎপৰতাত ধীৰ নদী পাৰ ঘাটত নৱ নিৰ্মিত গণেশ মন্দিৰৰ কাম চলি থকা সময়ছোৱাত ৰাইজৰ সুবিধাৰ্থে ফলমূলৰ গছৰ পুলি ৰোপণ কৰিলে।

চৰকাৰৰ অনুদান নোপোৱাকৈ ৰাইজৰ দান বৰঙণিৰে প্ৰায় ত্ৰিছ লাখ টকা ব্যয় সাপেক্ষে পায় বিছ বিঘা মাটিৰ ভিতৰতে নিৰ্মাণ কৰি আছে গণেশ মন্দিৰ।

আৰ্থফিলিং ৰাউণ্ডাৰী ৱাল আৰু মন্দিৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰ তথা বৰপেটা জিলা অভিভাৱক মন্ত্ৰী ড৹ ৰণোজ পেগুলৈ ৰাইজে আহ্বান জনায়।