ইতিহাস ৰচিলে স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ”য়ে উইম্বলডন ২০২৩ জয় কৰি। উইম্বলডন ২০২৩ ৰ ফাইনেলত পুৰুষ একক খেলত ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছাৰ্বিয়ান টেনিছ খেলুৱৈ ন’ভাক জ’কভিচক পৰাস্ত কৰি বিশ্বৰ এক নম্বৰ স্পেনিছ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে এই খিতাপ অৰ্জন কৰে । বৰ্তমান বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত আছে জ’কভিচ । এই জয়ৰ ফলত স্পেইনৰ পৰা উইম্বলডন জয় কৰা তৃতীয়জন খেলুৱৈ হৈ পৰিল কাৰ্লোছ আলকাৰাজ ।
দেওবাৰে অনুষ্ঠিত ফাইনেল খেলখনত প্ৰথম ছেটত পৰাস্ত হোৱাৰ পাছত আলকাৰাজে একেৰাহে দুটা ছেটত জ’কভিচক পৰাস্ত কৰে । প্ৰথম ছেটত ৬-১ গেমত জয়লাভ কৰে ন’ভাক জ’কভিচে । দ্বিতীয় ছেটত আলকাৰাজে আকৰ্ষণীয় প্ৰদৰ্শনেৰে প্ৰত্যাৱৰ্তন কৰে । এই ছেটটো এটা সময়ত ৬-৬ত উপনীত হোৱাত টাই ব্ৰেকাৰ খেলা হয় ৷
ট্ৰাই বেকাৰত আলকাৰাজে ৮-৬ আৰু ৭-৬ পইন্টত পিছৰ দুয়োটা ছেটটো জয় কৰে । অন্তিম ছেটতো ২০ বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে এক আশ্চৰ্যজনক খেল প্ৰদৰ্শন কৰি অভিজ্ঞ জ’কভিচক ৬-১ পইন্টত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে ১৯৬৬ চনত চান্টানা আৰু ২০০৮ আৰু ২০১০ চনত ৰাফেল নাডালে উইম্বলডনৰ খিতাপ দখল কৰিছিল । ১২ বছৰৰ পাছত স্পেইনৰ এগৰাকী খেলুৱৈয়ে পুনৰ এই গ্ৰেণ্ড শ্লেমত জয়লাভ কৰিছে ।
উল্লেখ্য যে, এইটো আলকাৰাজৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ পূৰ্বে ২০২২ চনত তেওঁ ইউ এছ অ’পেন খিতাপ দখল কৰিছিল ।