বাহাৰঘাটঃ সানেকুছি ৰাজ্যিক চিকিৎসালয়ত আয়ুস্বান ভৱৰ অধীনত স্বাস্থ্য মেলা৷
অজস্ৰ ৰোগীৰ বিভিন্ন ৰোগৰ পৰীক্ষা কৰাৰ লগতে বহুকেইজনৰ নমুনা সংগ্ৰহ কৰে স্বাস্থ্য মেলাত৷
আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ত আয়ুস্মান ভৱ কাৰ্য্যসূচীৰ অধীনত এটি স্বাস্থ্য মেলাৰ আয়োজন কৰে৷ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা°হেমেন কুমাৰ শৰ্মাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচনি আয়ুস্মান আচনিৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যমেলাৰ আয়োজন কৰিছে৷
ইয়াৰ অংশ হিচাবে সানেকুছি ৰাজ্যিক চিকিৎসালয়ে যোৱা ১৮ চেপ্তেম্বৰতো স্বাস্থ্য মেলাৰ আয়োজন কৰিছিল৷ আজি দ্বিতীয় দিনাৰ বাবে আয়োজিত স্বাস্থ্যমেলাত বিনামূলীয়া ঔষধ আৰু ৰোগ নিৰ্ণায়ক সেৱাৰ সৈতে বহিৰ্বিভাগৰ ব্যৱস্থা, টেলিফোনিক স্বাস্থ্য বিষয়ক পৰামৰ্শ, অসংক্ৰামক ৰোগৰ নিৰ্ণায়ক পৰীক্ষা, যোগ আৰু কল্যানমূলক সভা, আভা আই ডি সৃষ্টি কৰা হয়৷ আনহাতে আজিৰ স্বাস্থ্য মেলাত কেইবাজনো লোকক আয়ুস্মান কাৰ্ডো বিতৰণ কৰে৷