সাংসদ দিলীপ শইকীয়াই পৰিদৰ্শন কৰিলে বাহাৰঘাটৰ বৰলীয়া নদীৰ খহনীয়া

দেহাৰকুছি আশ্ৰয় শিবিৰত সাংসদ দিলীপ শইকীয়া।

পৰিদৰ্শন কৰিলে বাহাৰঘাটৰ বৰলীয়া নদীৰ খহনীয়া।

নলবাৰী সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেহাৰকুছি শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপত থকা আশ্ৰয় শিবিৰত উপস্থিত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া।

সাংসদ গৰাকী আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খা-খৱৰ লোৱাৰ লগতে শিবিৰত থকা প্ৰায় দুইশ লোকৰ খাদ্যৰ নামত আৰ্থিক ভাবে সহায় কৰে। সাংসদ গৰাকীয়ে কেইবাজনো বন্যাৰ্তৰ লগত মতবিনিময় কৰি শিঘ্ৰে সাহাৰ্য্য সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে।

আনহাতে সাংসদ দিলীপ শইকীয়াই বাহাৰঘাটৰ বৰলীয়া নদীৰ পুব দিশে সন্ত্ৰাসৰ সৃষ্টি কৰা নদীৰ খহনীয়া পৰিদৰ্শন কৰি তৎকালীন ভাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।