মৈৰাবাৰী লেংৰিবড়ী গাৱঁত অবৈধ কাৰ্যত লিপ্ত থাকোতেই ধৰা পেলালে স্থানীয় ৰাইজে ।
সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে কেইবাটাওঁ লম্পটৰ লগতে এজনী যুৱতী ।
মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংগৰিবড়ী গাৱঁত পথাৰত থকা জুপুৰী ঘৰ এটাত এজনী যুৱতীৰ লগত ৮ জন যুৱকে অসৎ কাৰ্যত লিপ্ত থকা সময়তে স্থানীয় ৰাইজে প্ৰত্যক্ষ্য কৰি সাংবাদিকৰ সহযোগত কৰায়ত্ব কৰিবলৈ যায় যদিওঁ সাংবাদিকৰ কেমেৰা দেখি পলাই পত্ৰং দিয়ে এই যুৱতী গৰাকীৰ সৈতে আঠজন যুৱক ।
এই জুপুৰী ঘৰটোত বহু দিনৰে পৰা জীয়াবুৰ নামৰ কুখ্যাত ড্ৰাগছ বেপাৰীয়ে চলাই গৈছে ড্ৰাগছ ব্যৱসায়ৰ লগতে অনৈতিক কৰ্ম ।
পূৰ্বেও এই যুৱতী গৰাকীয়ে এই স্থানত অহা-যোৱা আছে বুলি স্থানীয় লোকে আমাক জানিবলৈ দিয়ে । উক্ত যুৱতী গৰাকী ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ ।