সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণঃ আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত হতাহতিৰ সৃষ্টি

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত সৃষ্টি হয় হতাহতিৰ ।

অসমত শেহতীয়াকৈ নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ লগে লগে শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি বিলুপ্তি কৰাৰ ক্ষেত্ৰত দল -সংগঠন আৰু সচেতন মহলৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

শিৱসাগৰ জিলাৰ নগৰৰ মাজ মজিয়াত দলমুখ চাৰি আলিত বিভিন্ন দল সংগঠনে সমষ্টিৰ নিৰ্ধাৰণৰ খচৰালৈ তীব্র বিৰোধিতা কৰি ক্ষোভ উজাৰিছে।প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে আৰক্ষী প্রশাসন আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে।

আনহাতে মহিলা প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়। ঐতিহ্যমণ্ডিত জিলাখনৰ আমগুৰি সমষ্টিৰ এক দীঘলীয়া ৰাজনৈতিক ইতিহাস থকাৰ কথা উল্লেখ কৰাৰ লগতে ১৯৫১ চনতে গঠিত সমষ্টিটোত প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ পৰা আৰম্ভ কৰি বহু জেষ্ঠ দক্ষ ৰাজনৈতিক নেতাই প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ মজিয়া অলংকৃত কৰিছিল তেনেস্থলত ৰাজনৈতিক নেতাৰ ইতিহাস ধূলিসাৎ কৰি নিৰ্বাচনী আয়োগে এক বিশেষ ৰাজনৈতিক দলৰ শ্ৰুতলিপি মানি লৈ সমষ্টিবাসী ৰাইজৰ আৱগ অনুভূতিক নসাৎ কৰি আত্মসন্মানত আঘাত সানিছে বুলি দল সংগঠনে সমষ্টিৰ নিৰ্ধাৰণৰ খচৰাকলৈ তীব্র বিৰোধিতা কৰিছে।

একত্ৰিত হোৱা বিভিন্ন দল -সংগঠন আৰু সচেতন নাগৰিকেও এনে সিদ্ধান্ত কেতিয়াও মানি নলয়৷ প্ৰয়োজন সাপেক্ষে সমষ্টিবাসী ৰাইজৰ সহযোগত তীব্ৰ জংগী গণতান্ত্ৰিক আন্দোলন গঢি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰাৰ লগতে শিৱসাগৰ সমষ্টিৰ আহোম জনগোষ্ঠীয় ভোট বেংক হিচাপে পৰিচিত কেইবাটাও মৌজাকে ধৰি আহোম প্ৰাধান্য অঞ্চল শিৱসাগৰ সমষ্টিৰ পৰা কৰ্তন কৰি ৰাজনৈতিক ভাৱে আহোম জাতিটোক নিশকটীয়া কৰাৰ বাবে এক দুষ্ট চক্ৰ ৰাজনৈতিক অভিসন্ধিত লিপ্ত হৈছে হৈছে বুলি সংবাদ মাধ্যমৰ যোগেদি তীব্র ক্ষোভ উজাৰি বিৰোধীতা কৰে।