ৰঙিয়াঃ বুধবাৰে ৰঙিয়াত অগপ দলৰ সংগঠনিক সম্পাদক অৰ্ণৱ ভৰালী য়ে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জিয়াৰ প্ৰভূত্ব ৰক্ষা কৰাত সহায়ক হব বুলি মতপোষণ কৰি বিষয়তোক আদৰণি জনায় আৰু ভাৰতীয় নিৰ্বাচনী আয়োগক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰঙিয়া সমষ্টিতোৰ লগত নতুন কৈ সংলগ্ন হোৱা অঞ্চল সমূহে ৰঙিয়া সমষ্টিতোলৈ পুনৰ আঞ্চলিকতা বাদৰ এক নতুন ধাৰা আনিব বুলি তৎপৰ্ষ্যপূৰ্ণ মন্তব্য আগবঢ়াই । লগতে লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত দলীয় শক্তি বৃদ্ধিত গুৰুত্ব আৰোপ কৰা বুলি কয় ।
কোন কোন সমষ্টিত অগপ দলে প্ৰাৰ্থীত্ব বিচাৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে কৌশলগত উত্তৰত কয় যে এই ক্ষেত্ৰত মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে অগপ দলৰ কেন্দ্ৰীয় নেতৃত্বই আলোচনা কৰি কোন সমষ্টিত অগপ দলে প্ৰতিদ্বন্দিতা কৰিব তাক সময়ত থিৰাং কৰিব বুলি কয়, লগতে কয় যে এইবাৰ লোকসভাত অগপৰ সাংসদ থকাতো ১০০ শতাংশই নিশ্চিত বুলি নেতা গৰাকীয়ে দাবী কৰে।