নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ সিদ্ধান্ত বিৰুদ্ধে উজনি অসমৰ শিৱসাগৰত ‘উজনি অসম সমষ্টি সুৰক্ষা সমিতি‘ৰ তীব্র প্রতিবাদ।
আজি সমষ্টি কৰ্তনৰ বিৰোধিতাৰে এক বিশাল বাইক ৰেলী আৰু প্ৰতিবাদী সজাগতা কাৰ্যসূচী ৰূপায়ন কৰে ‘উজনি অসম সমষ্টি সুৰক্ষা সমিতি’য়ে।
শিৱসাগৰ সমষ্টিৰ সীমা সলনি কৰি শিৱসাগৰৰ সমষ্টিৰ ঐতিহ্য ধ্বংস কৰাৰ লগতে আমগুৰি আৰু লাহোৱাল সমষ্টি কৰ্তন কৰাৰ প্ৰতিবাদত আজি পুৱা ১০ বজাৰ পৰা শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা এটি বিশাল বাইক ৰেলী আৰু প্ৰতিবাদী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত বিশাল বাইক ৰেলীত আৰু প্ৰতিবাদী সজাগতা কাৰ্যসূচীত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সৈতে জড়িত হৈ থকা বিভিন্ন দল,সংগঠন সমূহৰ বিষয়ববীয়া,সদস্য-সদস্যাসকল, শিৱসাগৰীয়া সমূহ সংগ্ৰামী ৰাইজে সমষ্টি ৰক্ষাৰ স্বার্থত প্ৰতিবাদী কাৰ্যসূচী অংশ গ্ৰহণ কৰে ৷
শিৱসাগৰ জিলাৰ নগৰৰ মাজ মজিয়া দল মূখ চাৰিআলিৰ পৰা চেৰকাপাৰ ,হাঁহচৰা, হৈ খেলুৱা, লাচিত, বেতবাৰী, দিচাংপাৰ, আদিকে ধৰি কেইবাটাও পঞ্চায়তৰ অধীনৰ অঞ্চল কৰ্তন কৰি দিয়া প্ৰতিবাদত এক বিশাল বাইক ৰেলী আৰু প্ৰতিবাদী সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত পঞ্চায়ত সমূহৰ পৰা সমষ্টি কৰ্তন কৰাকলৈ গাঁৱে, ভুঞে বিভিন্ন প্ৰান্তত বিশাল বাইক ৰেলী আৰু প্ৰতিবাদী সভাৰ জৰিয়তে সমষ্টি বাসী ৰাইজক অৱগত কৰি সজাগতাৰ সৃষ্টি কৰে। উক্ত অঞ্চল সমূহৰ সচেতন ৰাইজেও প্ৰতিবাদী আৰু বিশাল বাইক ৰেলী কাৰ্য্যসূচিত অংশ গ্ৰহন কৰা পৰিলক্ষিত হয়।
আজি এই কাৰ্য্যসূচিত প্ৰায় দুই শতাধিকৰো অধিক সমষ্টিবাসী ৰাইজৰ সহযোগত বিশাল বাইক ৰেলীৰে আৰু প্ৰতিবাদী সজাগতা কাৰ্যসূচীত অংশ গ্ৰহন কৰে।