সৰভোগৰ গান্ধী ময়দানত বিশাল প্ৰতিবাদী জনসভা। সৰভোগ সমষ্টি কৰ্তনক লৈ বিৰোধী ৰাজনৈতিক দলে সভা যোগে প্ৰতিবাদ সাব্যস্ত কৰে।
ঐতিহাসিক সৰভোগ বিধান সভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত আজি সৰভোগ গান্ধী ময়দানত ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু চিপি আই এমৰ আহ্বান বিশাল জনসভা অনুষ্ঠিত হয় ।
বিশাল প্ৰতিবাদী জনসভাত সভাপতিত্বত কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ , ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ , বিৰোধী দলৰ উপ সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন , সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস আৰু প্ৰাক্তন বৰপেটা লোকসভা সাংসদ , প্ৰাক্তন বিধায়ক উদ্বব বৰ্মন
দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাক লৈ সৰৱ বিৰোধী ঐক্যবদ্ধ ৰাজনৈতিক দল ৷ এই খচৰা অনুসৰি বৰ্তমানৰ সৰভোগৰ ঐতিহ্যমণ্ডিত বিধান সভা সমষ্টি বিলুপ্ত কৰণ সন্দৰ্ভত সভা অনুষ্ঠিত হয় ।
আজিৰ সভাত বিৰোধী ঐকমঞ্চয় সৰভোগ সমষ্টি পুনৰ সৰভোগ সমষ্টিৰ নামেৰে বাহাল ৰাখাৰ দাবী জানায়। নহলে এটাৰ পিছত এটা আন্দোলন চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে।