সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়তো অষ্টমীৰ নিশা দেখা গল উখল-মাখল পৰিবেশ।
ৰঙিয়াৰ বাৰ্মিচ নগৰ পূজা সমিতিৰ দূৰ্গা পূজা উৎযাপন।
বাৰ্মিচ নগৰ দূৰ্গা পূজাই এইবাৰ ২৪ বছৰত ভৰি দিছে।
মহা অষ্টমীৰ দিনটোত দিহানাম, নাগাৰা নাম, আয়তী সকলৰ নাম কীৰ্তনত মুখৰিত হৈ পৰে পূজাথলী।
বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মিলা প্ৰীতিৰে ২৪বছৰে অনুষ্ঠিত হৈ আহিছে এই পূজাভাগ।
অহা বছৰত বাৰ্মিচ নগৰ পূজা সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিব সেহে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ কামানা কৰে উদ্যোক্তা সকলে।