সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ তুলসীবাৰীতো জন্মাষ্টমী পালন

ৰঙিয়াঃ জন্মাষ্টমী উপলক্ষে সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ তুলসীবাৰীতো এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অঞ্চলটোৰ মা ভৱানী নামতী দলৰ মহিলা সকলৰ লগতে স্থানীয় মহিলা সকলে একগোট হৈ ভগবান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰিবলৈ ৰাজহুৱা পূজা এভাগৰ আয়োজন কৰে ।

অনুষ্ঠানটোৰ মাজতে স্থানীয় মহিলা সকলৰ সহযোগত নিশাৰ ভাগত নাগৰা নাম পৰিবেশন কৰা হয় । নাগৰা নামৰ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে বৈদ‍্যগড় পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ লহকৰে । ভক্তিপূৰ্ণ অনুষ্ঠানটোত মহিলা সকলৰ লগতে স্থানীয় ৰাইজেও যথেষ্ট আগ্ৰহেৰে অংশগ্ৰহণ কৰে । নিশা পূজাৰ অন্তত ভক্তগণৰ মাজত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয় ।