সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ২ নং মণ্ডলৰ সাংগঠনিক সভা

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ২ নং মণ্ডলৰ সাংগঠনিক সভা

শিৱসাগৰঃ আজি শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ২ নং মণ্ডলৰ সাংগঠনিক সভা অনুষ্ঠিত হয় গেলেকী কমলাবাৰী মেজাংকৰী ভৱনত।

কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ প্ৰায় ৫ খন জিলাৰ সভাপতি সম্পাদকৰ লগতে প্ৰতিখন জিলাৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক উপস্থিত থাকে এই সাংগঠনিক সভাত।

প্ৰায় দুই সহস্ৰাধিক প্ৰতিনিধি অংশগ্ৰহণ কৰে এই সভাত।

ইয়াৰোপৰি আজি অনুষ্ঠিত এই সাংগঠনিক সভাত উপস্থিত থাকে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বড়া আৰু সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্ত।।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাংগঠনিক সভাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ লগতে সাংগঠনিক ভেটি শক্তিশালী কেনেদৰে কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

তাৰোপৰি বিগত সময়চোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰু দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সমস্যাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি মন্তব্য কৰে ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্তই।