ক্ষতিগ্ৰস্ত কৃষক ৰাইজক ক্ষতি পূৰণ প্ৰদান নকৰা পৰ্যন্ত আই আৰ – 7 প্ৰতিষ্ঠানৰ সকলো কাম কাজ বন্ধ ৰখাৰ নিৰ্দেশ আদিবাসী ছাত্ৰ সন্থাৰ।
শণিবাৰে গেলেকী তৈল ক্ষেত্ৰত আই আৰ -7 নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ কৰ্মজ্ঞানহীন কাণ্ডৰ বাবে খাৰুৱা তেল ভৰ্তি টেংকিৰ ভাল্ফ ভাঙি যোৱাৰ ফলত গেলেকী মূল পথৰ ওপৰেদি খাৰুৱা তেল বাগৰি কাষতে লাগি থকা ধান খেতি পথাৰৰ লগতে চাহ বাগিছাৰ নলা সমূহত প্ৰবাহিত হয়।
যাৰ ফলত শ্ৰমজীৱি খেতিয়ক সকল চিন্তিত হৈ পৰিছে।
উল্লেখ্য যে আই আৰ -7 নামৰ এই প্ৰতিষ্ঠানটোৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে জাতীয় দল সংগঠন সমূহে ক্ষতিগ্ৰস্ত কৃষকক উপযুক্ত ক্ষতি পূৰণ প্ৰদান কৰিবলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।
ইফালে ক্ষতিগ্ৰস্ত কৃষক ৰাইজক উপযুক্ত ক্ষতি পূৰণ প্ৰদান নকৰা পৰ্যন্ত তেওঁ লোকৰ কাম- কাজ সমূহ বন্ধ ৰাখিবলৈ স্মাৰক প্ৰত্ৰৰ যোগেদি আহ্বান জনাইছে।