সমগ্ৰ দেশৰ ৫০৮ টা ষ্টেচনৰ সমন্বিতে ৰঙিয়া ৰেল ষ্টেছনক ভাৰত চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অন্তৰ্ভুক্ত । ষ্টেচন সমুহ উন্নীতকৰণ বাবে ৰবিবাৰে শিলান্যাস কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ৰঙিয়া ৰেল ষ্টেচনত কামৰ শুভ আৰম্ভণিৰ বিশেষ কাৰ্যসূচী।
ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ অধিনৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ দ্বাৰা সমগ্ৰ দেশত ৫০৮ টাকৈ ৰেল ষ্টেচনক আধুনিকৰণ কৰা হব । এই উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ৰাজধানী দিল্লীৰ পৰা ভাৰ্চুৱেলী এই ষ্টেচন সমুহৰ শিলন্যাস কৰে ।
ৰবিবাৰে এনেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে শিলন্যাস কৰাৰ সময়ত ৰঙিয়া ৰেল ষ্টেচনত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
ৰঙিয়া ৰেল ষ্টেচনৰ ১ নং প্লেটফ্ৰমত অনুষ্ঠিত হোৱা এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ।
দেশৰ ৫০৮ টা ষ্টেচনৰ ভিতৰত অসমৰ ৫৪ টা ষ্টেচন উক্ত আঁচনিৰ অন্তৰ্ভুক্ত হয় । ইয়াৰে ৰঙিয়া ৰেল সংমণ্ডলৰ অধিনত ১৫ টা ষ্টেচন অন্তৰ্ভুক্ত হোৱা বুলি সদৰী কৰে ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক বিষয়া নিৰজ গুপ্তাই । ৰেল বিষয়া গৰাকীয়ে আৰু জানিবলৈ দিয়ামতে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰঙিয়া ষ্টেচন ৪১.৩ কোটি টকা, নিউ বঙাইগাঁও ৫৩.৫ কোটি টকা, উত্তৰ ৰাঙাপাৰা ৫৫.২ কোটি টকা আৰু মেন্দিপথাৰ ৩৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব ।
লগতে বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে ষ্টেচন সমুহৰ উন্নীতকৰণৰ পিছত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হব । বিশেষকৈ বিনামূলীয়া ৱাইফাই, পৰিষ্কাৰ খোৱা পানী, আধুনিক অনাময় সুবিধা, চিচিটিভিৰ পৰ্যবেক্ষণ, যাত্ৰী সকলৰ বাবে বিভিন্ন সা-সুবিধা তথা বিশ্ৰাম কক্ষ, দিব্যাঙ্গসকলৰ বাবে বিশেষ সুবিধা, লগতে ৰেলৰ ট্ৰেক সমুহৰ আধুনিকীকৰণ কৰা হব ।
ইফালে ৰঙিয়া ৰেল ষ্টেচনত অনুষ্ঠিত হোৱা বিশেষ সভাত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই জানিবলৈ দি কয় যে অসমৰ ৫৪ টা ষ্টেচনৰ ভিতৰত ৩২ টা ষ্টেচনৰ কাম আজিৰ পৰা আৰম্ভ হৈছে । সাংসদ গৰাকীয়ে আৰু জানিবলৈ দিয়া মতে মঙ্গলদৈ লোক সভা সমষ্টিৰ অধিনৰ পাচটা ষ্টেচন ক্ৰমে ৰঙিয়া, নলবাৰী, টংলা, ৰৌতা আৰু মাজবাট ।
শিলন্যাস উপলক্ষে ৰঙিয়া ৰেল ষ্টেচনত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা , ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা উপস্থিত থাকি ভাষণ ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ক ধন্যবাদ জনাই । অনুষ্ঠানটোত ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰো উপস্থিত থাকে ।