স্প’ৰ্টছ ডেক্সঃ এছিয়া কাপ 2023 ৰ খিতাপ দখল ভাৰতৰ ৷ কলম্বোৰ আৰ প্ৰেমাদাচা ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৩ৰ ফাইনেল মেচত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে ৷ শ্ৰীলংকাই বান্ধি দিয়া 51 ৰাণৰ বিজয় লক্ষ্য 6.1 অভাৰতে উপনীত হয় ভাৰত ৷
টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
ইফালে প্ৰথমে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমটো অভাৰতে উইকেট হেৰুৱাই শ’লঠেকত পৰে শ্ৰীলংকা ৷ কুশল পেৰাৰাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই শ্ৰীলংকাই ৷ যশপ্ৰীত বুমৰাহৰ বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় কুশল পেৰাৰা ৷ ইয়াৰ পাছতেই ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ চিৰাজৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰে শ্ৰীলংকা ৷ মহম্মদ চিৰাজৰ বিধ্বংসী বলিংত তাচপাতৰ দৰে খহি পৰে শ্ৰীলংকাৰ বেটিং লাইন ৷
মহম্মদ চিৰাজে আকৰ্ষণীয় বলিঙেৰে 7 অভাৰত এটা মেইডেনসহ 21 ৰাণ খৰছ কৰি শ্ৰীলংকাৰ 6 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ হাৰ্ডিক পাণ্ডিয়াই 2.2 অভাৰত 3 ৰাণ খৰছ কৰি দখল কৰে 3 টা উইকেট ৷ আনহাতে যশপ্ৰীত বুমৰাহে 5 অভাৰত এটা মেইডেনসহ 23 ৰাণ খৰছ কৰি দখল কৰে এটা উইকেট ৷ উল্লেখ্য যে, মহম্মদ চিৰাজে নিজৰ দ্বিতীয়টো অভাৰতে চাৰিটা উইকেট দখল কৰি শ্ৰীলংকাৰ ককাল ভাঙি পেলায়।
শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিছে সাৰ্বাধিক 34 বলত 17 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ সকলো বেটছমেন ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত অসহায় হৈ মাত্ৰ 15.2 অভাৰতে আটাইকেইটা উইকেট বিসৰ্জন দিয়ে ৷
শ্ৰীলংকাই বান্ধি দিয়া 51 ৰাণৰ সহজ বিজয় লক্ষ্য আগত লৈ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি মাত্ৰ 6.1 অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয় ৷ ভাৰতৰ হৈ অপেনিং বেটছমেন ইশান কিশনে 17 টা বলত 22 ৰাণ কৰাৰ বিপৰীতে শুভমন গীলে 19 টা বলত 27 ৰাণ কৰিবলৈ সক্ষম হয় ৷
আজিৰ এই জয়েৰে অষ্টম বাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰে ভাৰতে।