শ্বেহনাজ গিল অসুস্থঃ অনুৰাগীক দিলে বতৰা

Entertainment Desk: শ্বেহনাজ গিল হঠাতে অসুস্থ হৈ পৰাত কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ সোমবাৰে ছ’চিয়েল মিডিয়াত এই বাতৰি ভাইৰেল হৈ পৰে।

বিগ বছ খণ্ড ১৩ৰ পৰা লাইমলাইটলৈ আহিছিল শ্বেহনাজ গিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ছলমান খান অভিনীত ছবি ‘কিচি কা ভাই কিচি কি জান’ ছবিৰে বলীউডত অভিষেক ঘটোৱা অভিনেত্ৰী শ্বেহনাজ গিলক শেহতীয়াকৈ ‘থেংক ইউ ফৰ কমিং’ ছবিখনত দেখা গৈছিল ৷

ছচিয়েল মিডিয়াত শ্বেহনাজ গিলৰ অসুস্থতাৰ খবৰ অহাৰ লগে লগে তেওঁৰ অনুৰাগীসকল অতিশয় বিচলিত হৈ পৰে ৷ এই কথা দেখি শ্বেহনাজে নিজেই গভীৰ নিশা ইনষ্টাগ্ৰামত লাইভ আহি তেওঁৰ অনুৰাগীৰ সৈতে কথা পাতিছিল আৰু লগতে তেওঁৰ স্বাস্থ্যৰ বিষয়েও আপডেট দিছিল ৷

তেওঁ কয় যে, এতিয়া তেওঁ একেবাৰে ভালেই আছে ৷ তেওঁ লগতে ক’লে যে কিছু বাহিৰা খাদ্য খোৱাৰ বাবে তেওঁৰ পেটৰ সংক্ৰমণ হৈছে, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে ৷ লগতে তেওঁ সকলোকে বাহিৰা খাদ্য বৰ্জন কৰিবলৈ পৰামৰ্শ দিয়ে৷